Sonitpur Weather Today, Tomorrow & 7-Day Forecast — Assam
Get the most accurate weather forecast for Sonitpur, Assam. See today's temperature, rainfall, humidity and a full 7-day outlook, plus block and gram panchayat level forecasts across 8 blocks — sourced daily from the India Meteorological Department (IMD).
7-Days Weather Forecast of Sonitpur City-Town of Assam
We provide the most accurate weather forecast for Sonitpur City-Town of Assam for the upcoming seven days, directly sourced from the India Meteorological Department, Ministry of Earth Sciences, Government of India.
Today the weather in Sonitpur (Assam) will have a maximum temperature of 32.0°C and a minimum of 26.0°C with Generally cloudy sky with one or two spells of rain or thundershowers. Will it rain? No significant rain expected.
7-Days Weather Forecast of Tezpur City Town
Select a Block in Sonitpur for Local Weather
| BALIPARA |
| BIHAGURI |
| BORCHALA |
| DHEKIAJULI |
| GABHORU |
| NADUAR |
| RANGAPARA |
| SOOTEA |
Agro Advisories for Sonitpur District
Weather Summary
English: Partial to full cloudy sky with 6-8 octa will prevail during next 5 days. Light to moderate rainfall is predicted during next five days. South-Easterly wind with a speed of 0.8-5.7 kmph is expected. Maximum temperature is 31.0-34.0°C and minimum as 25.0-26.0°C. Morning and evening relative humidity will be around 93-96% and 60-75% during next 5 days
বাংলা (Bengali): জিলাখনত অহা পাচ দিনত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়চোৱাত সর্বোচ্চ উষ্ণতা ৩১.০-৩৪.০ আৰু সর্বনিম্ন উষ্ণতা ২৫.০-২৬.০ ডিগ্রী চেলচিয়াছ ৰ ওচৰে পাজৰে থাকিব । অহা পাচদিনত আর্দ্রতা সর্বোচ্চ ৯৩-৯৬ আৰু সর্বনিম্ন ৬০-৭৫% থকাৰ সম্ভাৱনা আছে
General Advisory
English: Provide staking/support to crops like banana, vegetables, and creepers to prevent lodging due to strong winds
বাংলা (Bengali): শক্তিশালী বতাহৰ ফলত গছ ঢলি পৰাৰ পৰা ৰক্ষা কৰিবলৈ কল, শাক-পাচলি আৰু লতা জাতীয় শস্যত ঠেকা দিয়াৰ ব্যৱস্হা কৰক
SMS Advisory
English: Ensure proper drainage in fields to avoid waterlogging.
বাংলা (Bengali): পথাৰত পানী জমা হোৱাৰ পৰা হাত সাৰিবলৈ সঠিকভাৱে পানী নিষ্কাশন কৰাটো নিশ্চিত কৰক
Rice
English: • Farmers are advised to go for transplanting of long duration sali rice (varieties like Ranjit, Mahsuri etc.,) seedling from nursery bed to the main field and complete the transplanting within July for getting higher production. • For facilitate easy puddling and transplanting, farmers should arrange to inundate their field by construction of new bunds or repairing of old bunds.• Seedlings become ready for transplanting when its height becomes 15 cm with 3 to 4 leaves. • Root dip treatment of seedlings is necessary before transplanting as protective measure against stem borer, gall midge and hoppers. The uprooted seedlings should be washed and then the root portion is to be dipped in 0.02% solution of chloropyriphos (1 ml/lit of water) along with 1% urea (10g/lit of water) for 3 hours.• Manures and Fertilizers: • Well rotten FYM or compost @ 10t/ha has to be applied during field preparation. In addition, the following nutrients are to be applied at rates given below • Semi dwarf varieties: Urea : SSP : MOP = 18:17:9 kg/bigha • Tall varieties: Urea : SSP : MOP = 6:8:2 kg/bigh
বাংলা (Bengali): • কৃষকসকলে অধিক উৎপাদন পাবলৈ এই সময়তে ৰঞ্জিত, মাচুৰি আদি দীৰ্ঘকালীন শালিধানৰ কঠীয়া মূল পথাৰত ৰুবলৈ আৰম্ভ কৰক যাতে জুলাই মাহৰ ভিতৰত কঠীয়া ৰুই শেষ কৰিব পাৰে। • কঠীয়া মূল পথাৰত ৰোৱাৰ ২১ দিন আগতে মূল পথাৰৰ মাটি প্রস্তুতিৰ কাম ৪-৫ বাৰ হাল বাই আৰু মৈয়ায় লব লাগে যাতে পথাৰত থকা অপতৃণবোৰ শুকাই নাইকিয়া হৈ যায়। কৃষকসকলে মূল পথাৰত কঠীয়া ৰোৱৰ বাবে বা সহজে হাল বাই পথাৰ বোকা কৰিবৰ বাবে মূল পথাৰৰ চাৰিওফালে নতুনকৈ পথাৰৰ আলি দিয়াৰ নাইবা মেৰামতি কৰাৰ ব্যৱস্থা কৰক। মূল পথাৰৰ প্রস্তুতিৰ সময়ত বিঘাই প্রতি ১৩ কুইণ্টল গোবৰ বা পাচন সাৰ প্রয়োগ কৰিব আৰু লগতে তলত উল্লেখ কৰা সাৰৰ পৰিমাণ অনুযায়ী শেষৰ বাৰ হাল বাওঁতে প্রয়োগ কৰিব.• চাপৰ জাতৰ বাবে- ইউৰীয়াঃ এচ এচ পিঃ এম অ’ পি= ১৮ : ১৭ : ৯ কিঃ গ্রাঃ / বিঘা • ওখ জাতৰ বাবে - ইউৰীয়াঃ এচ এচ পিঃ এম অ’ পি= ৬ : ৮ : ২ কিঃ গ্রাঃ / বিঘা)• সাৰ প্ৰয়োগৰ সময়ঃ মাটি বোকা কৰাৰ সময়তে ইউৰীয়া সাৰৰ আধাভাগ অৰু এচ-এচ-পি আৰু এম-অ’-পিৰ সাৰৰ সম্পুৰ্ণভাগ প্ৰয়োগ কৰিব লাগে। হ্ৰস্বম্যাদী ধানৰ জাত সমূহৰ বাবে ৰৈযোৱা ইউৰীয়া খিনি মনি বা গেৰ ধৰা সময়ত প্ৰয়োগ কৰিব লাগে। অন্যহাতে, মধ্যম্যাদী আৰু দীৰ্ঘকালীন জাতবোৰৰ বাবে ৰৈযোৱা ইউৰীয়াৰ আধাভাগ অৰ্থৎ ৪.৫ কিঃগ্ৰাঃ পোখমেলাৰ সময়ত আৰু বাকী আধাভাগ (৪.৫ কিঃগ্ৰাঃ)মনিধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে।
Jute
English: CAPSULARIS JUTE-------• Harvesting and retting should be done preferably at pre-flowering stage (120 days after sowing) to get better quality fibre. The harvested plants should be made in bundles of 15-20 cm diameter and left in the field in standing position for 2-4 days not only for shedding of leaves but also to facilitate the retting process. • Thin and thick plants must be bundled separately.• At present the water temperature for retting tanks is ideal for retting (32-340C) of jute.
বাংলা (Bengali): • বর্তমান সময়ত কৃষক সকলে তিতা মৰাৰ খেতিদৰা চপাই গেৰুৱাৰ ব্যৱস্হা কৰক । চপাই অনা মৰাপাটৰ মুঠা বোৰ পথাৰত ৩-৪ দিন থিয়কৈ ৰাখিব লাগে যাতে গেৰুৱাৰ আগতে পাতবোৰ সৰি যায়। পাত সৰাৰ পিছত ক্ষীণ গছবোৰ বেলেগে মুঠা কৰি ৫০-৬০ ছেণ্টিমিটাৰ গভীৰ পথাৰৰ পানীত ২-৩ দিন থিয়কৈ ৰাখক। তাৰ পিছত মুঠাবোৰ শুকান কাঠৰ টুকুৰা বা ইটা আদিৰে হেচা দি গোৰাব। কলগছ, মাটিৰ টুকুৰাই মৰাপাটৰ গুণগত মান নষ্ট কৰে বাবে পৰাপক্ষত ব্যৱহাৰ নকৰিব। জাক বিলক পানীমেটেকা বা নৰা বা মৰাৰ ঠাৰিৰে ঢাকি দিব। মৰাপাট গেৰাবৰ বাবে লাহে-লাহে বোৱা পানী নিৰ্বাচিত কৰক । গেৰুৱা কাৰ্য সম্পূৰ্ণ হ’লে আহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই ৩-৪ দিনমান টান ৰ’দত শুকুৱাব।
Sugarcane
English: Farmers are advised to go for stripping and propping operation in sugarcane crop i.e. mechanical support to the crop so that heavy rainfall & strong wind cannot damage the crop from lodging. To control red rot disease of sugarcane water stagnation in the field should be avoided and rouging of the affected plants should be practiced
বাংলা (Bengali): • কুঁহিয়াৰৰ গছবোৰ বৰষুণ আৰু প্ৰবল বতাহত হালি নপৰিবৰ বাবে ৩-৪ ডাল কুঁহিয়াৰ গা-গছ একেলগ কৰি বান্ধি দিব। কুঁহিয়াৰ “ৰেড ৰট” বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ খেতিডৰাত পানী জমা হব নিদিব আৰু আক্ৰান্ত গছ উভালি পেলাব। এই সময়ত কুহিঁয়াৰ খেতিডৰাত মজ্জা খোৱা পোকৰ আক্রমণ হব পাৰে যাৰ ফলত গছজোপা নিশকটীয়া হৈ পৰে আৰু আগ অংশ মৰি যোৱাৰ লগতে অলেখ পোখা মেলে। উপদ্রৱ হ্রাস কৰিবলৈ সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পাতত কণীৰ থোপা দেখা পালে সেইবোৰ সংগ্রহ কৰি ধংস কৰি পেলোৱাৰ উপৰিও আক্ৰন্ত গছবোৰ পুৰি বা পুতি পেলাব লাগে। শুকান আৰু বতাহ নথকা দিনতহে কীটনাশক প্রয়োগ কৰিব।
Lemon
English: Harvest the mature fruits and remove the disease infected stems from the plants. In this month also farmers should carry out air layering by removing completely a strip of bark 2-3 cm in width at a point 15cm or more below the tip end. Scraping the exposed surfaces to ensure complete removal of the phloem and cambium is desirable to retard healing. About one to two handful of only slightly moistened sphagnum moss or mud pudding with a mixture of well decomposed cow-dung, soil and sand with a ration of 1:1:1, respectively is placed around the stem to cover the cut surface. Then a piece of polyethylene sheet 15 to 20 cm wide is wrapped carefully around the branch so that the sphagnum moss or mud is completely covered. Both the ends of the polyethylene sheet should be tied firmly so that the moss or mud does not dry up
বাংলা (Bengali): • • অনুকূল বতৰৰ বাবে টেঙা জাতীয় গছত ‘গামোচিচ’ নামৰ এবিধ বেমাৰে দেখা দিব পাৰে । এই বেমাৰৰ প্রতিষেধক ব্যৱস্থা সিচাপে বাৰীখনৰ পৰা অতিৰিক্ত পানীভাগ সহজে ওলাই যাব পৰাকৈ প্রয়োজন অনুজায়ী সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব । ইতিমধ্যে সংক্রমিত গছবোৰৰ আক্রান্ত অংশবোৰ কটাৰীৰে চুৰুকি পটাচ পানীৰে ধুই দুই-তিনিদিন পিচত সেই অংশত বৰদ’ মিশ্রণ সানি দিব ।পূৰ্ণবয়স্ক ফলবোৰ চপাই গছৰ পৰা ৰোগ আক্ৰান্ত ঠাৰিবোৰ আঁতৰাই পেলাওক।এই মাহত কৃষকসকলেও টিপৰ শেষৰ পৰা ১৫ চে.মি. বা তাতকৈ অধিক তলৰ বিন্দুত ২-৩ চে.মি. বহল বাকলিৰ এটা ফিটা সম্পূৰ্ণৰূপে আঁতৰাই বায়ু স্তৰিত কৰিব লাগে। ফ্ল’ইম আৰু কেম্বিয়াম সম্পূৰ্ণৰূপে আঁতৰোৱাটো নিশ্চিত কৰিবলৈ উন্মুক্ত পৃষ্ঠবোৰ স্ক্ৰেপ কৰাটো বাঞ্ছনীয়। কাটি লোৱা পৃষ্ঠভাগ ঢাকিবলৈ ক্ৰমে ১:১:১ ৰেচনৰ ভালদৰে পচি যোৱা গৰুৰ গোবৰ, মাটি আৰু বালিৰ মিশ্ৰণেৰে মাত্ৰ সামান্য তিতা স্ফেগনাম মছ বা বোকা পুডিং প্ৰায় এমুঠিৰ পৰা দুমুঠিমান ৰাখি কাটি লোৱা পৃষ্ঠভাগ ঢাকি দিয়া হয়। তাৰ পিছত ১৫ৰ পৰা ২০ চে.মি. বহল পলিইথাইলিনৰ চাদৰ এটুকুৰা ডালটোৰ চাৰিওফালে সাৱধানে মেৰিয়াই লোৱা হয় যাতে স্ফেগনাম শৈবাল বা বোকা সম্পূৰ্ণৰূপে ঢাকি পৰে। পলিইথাইলিন শ্বীটৰ দুয়োটা মূৰ ভালদৰে বান্ধিব লাগে যাতে শৈবাল বা বোকা শুকাই নাযায়
Banana
English: Complete the planting of banana suckers in the field within this month. Select healthy sword suckers and uproot with corm. Trim all the roots without damaging the buds. Give a slanting cut to the pseudostem 30cm above the base of the sucker. Weight of such planting materials should be around 1.5 kg to 2.0 kg. Planting is generally done in pits. Double planting (2 plants/pit) with a spacing of 1.8 m×1.8m for Jahaji for medium tall varieties such as Chenichampa, Malbhog and Bar Jahaji, an optimum spacing of 2.1m × 2.1m and for tall varieties such as Kach Kol, Manohar, Jati and Bhimkal, an optimum spacing of 2.4m × 2.4m should be maintained. Before planting dip the root portion of the corms in a slurry, containing 4 parts of clay soil and 5 parts of water, followed by sprinkling of 40g of Furadon to control the nematode infestation. Size of pit: 45cm×45cm×45cm. Manure and fertilizer: 12kg FYM/Plant, 110g N/Plant, 33g P2O5/Plant and 330 g K2O/Plant, FYM should be applied at the time of planting.
বাংলা (Bengali): • কল খেতিৰ বাবে পোখা পুলিবোৰ ৰুই শেষ কৰক। কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয়। স্বাস্থ্যবান এটা পোখা বা পুলি ওঘালি তাৰ পৰা শিপাবোৰ ভালদৰে আতঁৰাই লব লাগে, যাতে মুঢ়াটোৱে আঘাত নাপায়। তাৰ পাচত ১ ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। বাছনি কৰা পুলিটোৰ ওজন ১.৫-২.০ কেজিৰ ভিতৰত হলে ভাল। কলৰ বাৰিত কৃমি ৰোধৰ বাবে ৰোৱাৰ আগেয়ে পুলিৰ মুঢ়া বোৰ বোকা পানীৰ মিশ্রণ এটাত ডুবিয়াই উলিয়াই আনি প্রতিটো মুঢ়াত ৪০ গ্রাম কৈ ফুৰাডন ছটিয়াব। পুলি ৰোৱাৰ পদ্ধতিঃ পুলিবোৰ সাধৰণতে গাঁত কৰি ৰোব লাগি আৰু এই গাতবোৰ সাধৰণতে ৪৫×৪৫×৪৫ চেঃমিঃ হব লাগে। প্রতিটো গাঁতৰ মাজত ব্যৱধানৰাখিব চাপৰ জাত যেনে, জাহাজী কলৰ ক্ষেত্রত ১.৮×১.৮ মিটাৰ, মধ্য ওখ জাত যেনে, চেনীচম্পা, মালভোগ, বৰজাহাজী আদিৰ ক্ষেত্রত ২.১×২.১ মিটাৰ আৰু ওখ জাত যেনে, কাচকল, মনোহৰ, ভীমকল আদিৰ ক্ষেত্রত ২.৪×২.৪মিটাৰ। সাৰ প্রয়োগঃ (প্রতিজোপা গছৰ বাবে) ১২ কেজি পচন সাৰ, ১১০ গ্রাম ইউৰীয়া, ৩৩ গ্রাম ফছফেট, ৩৩০ গ্রাম পটাচ।